About Us

449830088_1452365882062187_1353110826178028253_n

KHAGJANI DARBAR SHARIF

জন্ম পৰিচয়:
মহান মুৰ্শিদ খাজা বাবা হজৰত শাহ ছুফী ছৈয়দ মৌলানা মহম্মদ আব্দুল গণি খলিফা (ৰ:) আল মুজাদ্দিদি পীৰ কীবলা ছাহাবৰ জন্ম হৈছিল 1898 চনত (বাংলা ১৩০৫ চন) পূৰ্ব ভাৰতৰ (বৰ্ত্তমান বাংলাদেশ) দেওৱানগঞ্জ জিলৰ কামালবাত্তি চৰ নামৰ গাঁও এখনত। তেখেতৰ পিতৃৰ নাম আছিল আসান উল্লাহ খলিফা আৰু মাকৰ নাম আছিল মোছাম্মত ডালিম বেগম। তেখেতৰ আৰু দুজন জ্যেষ্ঠ ভাতৃ আছিল। প্ৰথম জনৰ নাম আছিল ওৱাহেদ আলী খলিফা আৰু দ্বিতীয় জনৰ নাম আছিল জাহেদ আলী খলিফা। আসান উল্লাহ খলিফা এজন সম্ভ্ৰান্ত পৰিয়ালৰ ব্যক্তি আছিল। তাপশ শিশু হজৰত আব্দুল গণি খলিফা আসান উল্লাহ খলিফাৰ কণিষ্ঠ সন্তান আছিল।
স্কুলীয়া শিক্ষা জীৱন :
পাঁচ বছৰ বয়সত 1902 চন (বাংলা ১৩০৯) তেখেতৰ পিতৃৰ দেহাৱসান হয়। পিতৃ বিয়োগৰ দুঃখ কষ্টৰ মাজেৰে ডাঙৰ দুজন ককায়েক আৰু মাকৰ তত্ত্বৱাধানত গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে আৰু দশ বছৰ বয়সত ইং 1908 চনত (বাংলা ১৩১৫) প্ৰাথমিক শিক্ষা শেষ কৰি বক্সীগঞ্জ হাইস্কুলত উচ্চ শিক্ষাৰ বাবে ভৰ্তি হয়।
উচ্চ শিক্ষা শেষ কৰাৰ পিছত তেখেত আৰৱী শিক্ষাৰ প্ৰতি আকৰ্ষিত হয় আৰু গাঁৱৰে মাদ্ৰাছা এখনত আৰৱী, উৰ্দু আৰু ফাৰ্ছী শিক্ষা গ্ৰহণ কৰা আৰম্ভ কৰে আৰু অতি যোগ্যতাৰে তেখেত আৰৱী, উৰ্দু আৰু ফাৰ্ছী শিক্ষা গ্ৰহণ কৰে।

অসম আগমন
আগতেই উল্লেখ কৰা হৈছে যে শ্বাহ ছুফী ছৈয়দ মৌলানা আব্দুল গণি খলিফাৰ (ৰ:) পাঁচ বছৰ বয়সতে তেখেতৰ পিতৃ হজৰত আসান উল্লাহ খলিফা ইন্তেকাল হোৱাৰ বাবে তেওঁলোকক মাটিৰ সমান অংশ প্ৰদান কৰা নহল । তেওঁলোকৰ পৰিয়াল বৃদ্ধি হোৱাৰ ফলত একে ঠাইত থকা আৰু সম্ভৱ নহল সেয়ে হজৰত শাহ ছুফী ছৈয়দ মৌলানা আব্দুল গণি খলিফা (ৰ:) বিশ বছৰ বয়সত তেখেতৰ মাতৃ আৰু ডাঙৰ ককায়েক দুজনক লগত লৈ অসম আগমন কৰে। প্ৰথমতে তেওলোকে অ ভিভক্ত দৰং জিলাৰ তেজপুৰৰ ওচৰত বিশ্বনাথ চাৰিআলি বসবাস আৰাম্ভ কৰে যদিওঁ তাত নানান অসুবিধাৰ বাবে এবছৰ মান থকাৰ পিছত সেই ঠাই এৰি বৰ্ত্তমান দৰং জিলাৰ দলগাও থানাৰ অন্তৰ্গত খগজানি গাঁৱত বসতি স্থাপন কৰে। কিছুদিন পিছত অসম চৰকাৰে তেওঁলোকক ভূমি পট্টা প্ৰদান কৰে আৰু বৰ্ত্তমানলৈকে দৰং জিলাৰ দলগাও থানাৰ অন্তৰ্গত খগজানি গাঁৱত বসতি স্থাপন কৰি আছে।

দাম্পত্য জীৱন:
হজৰত খাজা শ্বাহ ছুফী মৌলানা আব্দুল গনি খলিফা (ৰ:) পঁচিশ বছৰ বয়সত (ইংৰাজী 1923 চন) (বাংলা ১৩৩০) পূৰ্ব বাংলা (বৰ্ত্তমান বাংলাদেশ) ৰংপুৰ জিলাৰ ফুলছৰী গাঁৱৰ ইছিমুদ্দিন মণ্ডলৰ অতি মৰমৰ ছোৱালী স্বতী স্বাব্ধী পৰমা সুন্দৰী মিছ আৰজান বিবি লগত শুভ পৰিণয় সম্পন্ন হয়।
এই দাম্পত্য জীৱনৰ ফলস্বৰূপত দশটি সন্তান আল্লাই দান কৰে । তাৰে ভিতৰত ছয়জন পুত্ৰ আৰু চাৰি গৰাকী কন্যা সন্তান।
পুত্ৰ সকলৰ মাজত প্ৰথম পুত্ৰ আইয়ুব আলী খলিফা, দ্বীতীয় পুত্ৰ – খাজা আব্দুৰ ৰহমান খলিফা, তৃতীয় পুত্ৰ – খাজা মোশাৰফ হুছেইন খলিফা, চতুৰ্থ পুত্ৰ ও অসমৰ জাকেৰ ভাই ভণীৰ নয়নৰ মনি হজৰত খাজা শ্বাহ চুফি মৌলানা মুৱাজ্জম হুছেইন খলিফা (আল মূজাদ্দেদি ৰ:) পঞ্চম পুত্ৰ – খাজা ছোলেইমান খলিফা আৰু ষষ্ঠ ও কনিষ্ঠ পুত্ৰ – খাজা নাজিমুদ্দিন খলিফা।
কন্যা সন্তান সকল আছিল ক্ৰমে, হালিমা খাতুন, ৰাবিয়া খাতুন, শ্বমেনা খাতুন ও কনিষ্ঠ কন্যা ছালেমা খাতুন। সন্তান সকলৰ মাজত দ্বিতীয় সন্তান খাজা আইয়ুৱ আলি খলিফা শিশু অৱস্থাতে এন্তেকাল হয় আৰু বাকী সন্তান ও কন্যা সকল সংসাৰ কৰাৰ সুযোগ লাভ কৰে।

বায়েত গ্ৰহন ও তৰিক প্ৰচাৰ:
বিশ্ব শান্তিৰ মহাসাধক, বাংলা ও ভাৰতৰ কোটি কোটি মুৰিদৰ আত্তাৰ জগতৰ সম্ৰাট হজৰত খাজা শ্বাহ ছুফী ইউনুচ আলী (ৰ:) এনায়েতপুৰী পীৰ কিবলা জানৰ আত্তাৰ আমন্ত্ৰনত উন্মাদ মাতালৰ নিচিনা পূৰ্ব বাংলাৰ পাবনা জিলাৰ অন্তৰ্গত এনায়েতপোৰ দৰবাৰ শৰীফত উপস্থিত হয়। তাত গৈয়েই তেখেতে বিছাৰি পালে তেখেতৰ মনৰ মানু্হ আৰু তেওঁৰ ওচৰতেই তেওঁ তেওঁৰ দ্বীনৰ বশ্যতা স্বীকাৰ কৰে আৰু তেওঁৰ স্পৰ্শ পাই তেওঁও অমূল্য ৰত্নলৈ পৰিণত হল।

আক্ৰাম আলী খলিফা

বৰ্ত্তমান, গদিনিশ্বীন

Darbar's Mission

To provide a welcoming and safe space for Muslims and non-Muslims alike to learn, practice, and share Islamic teachings and values, to promote interfaith dialogue and understanding, to offer social and humanitarian services, and to inspire positive change in ourselves and our communities through faith-based education, outreach, and activism.

Darbar's Vision

To foster a strong and inclusive community that embodies the principles of Islam, promotes unity, compassion, and respect for diversity, and strives towards excellence in faith, knowledge, and service to humanity.


Welcome to the Islamic Center! We invite you to come and experience the beauty of Islam in a welcoming and inclusive environment.

Darbar Featured

Discover the beauty of Islam, find peace in our center.

mosque-in-abu-dhabi-JN8YHF7.jpg

Madrasah

In Dirham we have Madrasah. Islamic Madrasah are intended for children who lack wealth to continue their early education.

prayer-muslim-and-quran-with-man-on-living-room-f-2023-11-27-04-56-59-utc.jpg

Tahfidz Qur'an

Tahfiz Qur'an Facility refers to the memorization and recitation of the Quran, which is the holy scripture of Islam.

above-mosque-carpet-group-and-quran-for-faith-reli-RLPDLYF.jpg

Islamic Library

In Dirham we have Islamic library, which may include books, journals, and other resources related to Islamic studies, history, and culture.

sddefault (2)

Community Center

A space for social events and gatherings, such as potlucks, Eid celebrations, weddings, and other cultural events.

mature-teacher-assisting-black-islamic-student-dur-9ECRV7C.jpg

Counseling & Support

An area for counseling and support services, including family and marriage counseling, youth services, and more.

320073290_919773349387905_7761623583947337820_n

Sports & Fitness

A space for sports and fitness activities, such as a gym, swimming pool, or outdoor fields for sports like soccer or cricket.

Donate Program

Uniting hearts, serving humanity at the Islamic Center.

Donate For Poor

Goals : $200.000
Progress
82%

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus.

Donate For Medicines

Goals : $220.000
Progress
71%

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus.

Donate For Education

Goals : $200.000
Progress
79%

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus.

Join us for prayer and community at the Islamic Center.